> চাণক্য নীতি - যদি আপোনাৰ পত্নীৰ এই ৪ বিধ গুণ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যৱান - Chanakya Niti of wife - নিয়মীয়া খবৰ

ads5

ads2

adsz

চাণক্য নীতি - যদি আপোনাৰ পত্নীৰ এই ৪ বিধ গুণ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যৱান - Chanakya Niti of wife

 

চাণক্য নীতি - যদি আপোনাৰ পত্নীৰ এই ৪ বিধ গুণ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যৱান ! কিয় জানক? 4 Qualities of a Wife (Chanakya Niti)



আচাৰ্য চাণক্যৰ কথা আমি সকলোয়েই জানো । তেখেত এগৰাকী খুব জ্ঞানী ব্যক্তি হোৱাৰ লগতে এজন ভাল নীতিকাৰকো আছিল। এই নীতি সমূহৰ মাজেৰে তেঁও কিদৰে এজন মানুহে নিজৰ জীৱন সুখী কৰি তুলিব পাৰে তাৰ বাবেও বহু গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। মানুহৰ জীৱন প্ৰণালীৰ প্ৰায় সকলো ক্ষেত্ৰই চাণক্যৰ নীতিৰ জৰিয়তে সুশৃংখল কৰি তুলিব পাৰি। আচাৰ্য চাণক্যৰ নীতিসমূহ অতি কাৰ্যকৰী বুলি গণ্য কৰা হয় কিয়নো তেওঁৰ নীতিৰ বলতেই চন্দ্রগুপ্ত মৌর্য এটি সাধাৰণ শিশুৰ পৰা সম্ৰাটলৈ পৰিগণিত হৈছিল।


বিশ্বাস কৰা হয় যে যদি কোনো ব্যক্তিয়ে আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰে, তেন্তে তেওঁৰ জীৱনত কেতিয়াও কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয়। চাণক্যই নিজৰ নীতিশাস্ত্ৰৰ জৰিয়তে  সম্পদ, মহিলা, বন্ধুবৰ্গ, বৃত্তি আৰু বিবাহিত জীৱনৰ সৈতে সম্পর্কিত বহুতো কথা গভীৰভাৱে উল্লেখ কৰিছে। আচার্য চাণক্যয়ে সদায় সমাজক তেওঁৰ নীতিৰে পথ প্ৰদৰ্শন কৰি আহিছে।


আচার্য চাণক্যই নিজৰ নীতি শাস্ত্ৰত মহিলাৰ চাৰি বিশেষ গুণৰ কথা উল্লেখ কৰিছে। এনে গুণ থকা মহিলাক বিয়া কৰোৱা পুৰুষ সকল যথেষ্ট ভাগ্যৱান বুলিও বিশ্বাস কৰা হয় । গতিকে সেই গুণসমূহৰ বিষয়ে জানো আহক -


ধৈর্য্য Patience :


যিসকল মহিলা ধৈৰ্য্যশীল স্বভাৱৰ হয় সেইসকলে স্বামীৰ প্ৰতিটো অসুবিধাত কান্ধত কান্ধ মিলাই একেলগে আগুৱাই যোৱাত সফল হয় । এনে স্বভাৱৰ পত্নীয়ে তেওঁলোকৰ পৰিয়ালৰ ওপৰত কোনো ধৰণৰ বাধা বা সমস্যাৰ সৃষ্টি হব নিদিয়ে। এনে গুণৰ অধিকাৰী পত্নীয়ে স্বামীক কঠিন সময়ৰ পৰা মুকলি হোৱাত যথেষ্ট সহায় কৰে। এনে গুণ থকা এগৰাকী মহিলাই সদায় তেওঁৰ স্বামীৰ মনোবল বৃদ্ধি কৰে আৰু জীৱনত আগবাঢ়ি যাবলৈ অনুপ্রাণিত কৰাত সহায় কৰে ।


সন্তোষী (Satisfied) : আচার্য চাণক্যই বিশ্বাস কৰে যে মানুহ সদায় সন্তুষ্ট থাকিব লাগে। কিয়নো যিসকলৰ সন্তুষ্টি নাই তেওঁলোকৰ লোভ বেছি আৰু সেই লোভে তেওঁলোকক ধ্বংস কৰে। সন্তুষ্ট প্রকৃতিৰ এগৰাকী পত্নী তেওঁৰ স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্রমাণিত হয়, এনে গুণাগুণৰ সৈতে যে মহিলাসকলে আনকি আটাইতকৈ কঠিন সময়বোৰো সহজে অতিক্রম কৰাত সফল হয়।


মিঠা কথা কোৱা sweet talk:


আচার্য চাণক্যৰ নীতি শাস্ত্ৰ মতে যদি আপোনাৰ পত্নীয়ে মিঠাকৈ কথা কয় তেন্তে পৃথিৱীত আপোনাতকৈ আৰু অধিক ভাগ্যৱান কোনো নাই। চাণক্যৰ বিশ্বাস অনুসৰি এনে গুণ থকা মহিলাসকলক বিয়া কৰা ব্যক্তিয়ে অতি সুখী জীৱন যাপন কৰিব পাৰে। এনে মহিলাসকলৰ আত্মীয়েই হওঁক নাইবা চুবুৰীয়া হওঁক সকলোৰে সৈতে ভাল সম্পর্ক থাকে যাৰ ফলত ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকে। লগতে তেওঁ সকলোৰে আপোন হিচাপে পৰিচিত হয়।


শান্ত প্রকৃতি Calm nature :


আচার্য চাণক্যৰ নীতি শাস্ত্ৰত উল্লেখ থকা মতে এজন খঙাল প্ৰকৃতিৰ ব্যক্তিয়ে সকলো ধ্বংস কৰি পেলাব পাৰে । ইয়াৰ বিপৰীতে মা লক্ষ্মীৰ অনুগ্রহ শান্ত প্ৰকৃতিৰ লোকৰ ওপৰত সদায়ে থাকে। যিসকল পুৰুষৰ পত্নী শান্ত স্বভাৱৰ তেওঁলোকক অত্যন্ত ভাগ্যৱান বুলি বিবেচিত কৰি হয় । এনে পত্নীয়ে সদায় ঘৰত শান্তি আৰু সুখ বজাই ৰাখে। তেওঁলোকে প্রতিকূল পৰিস্থিতিতো বুদ্ধিমত্তাৰে কাম কৰে।


Related Search 

Assamese Daily news 

Chanakya Niti in Assamese 

Chanakya rule assamese 

Assamese breaking news 

Daily horoscope in assamese 

LPG cylinder news

LPG cylinder price today 


SeeHere is theComments

Sponsored

close