> এইদৰে ব্যৱহাৰ কৰক মেথি গুটি। লাভ কৰক লাখ টকাৰ চমৎকাৰী গুণাগুণ - Health Benifit of Daily uses of fenugreek fenugreek - নিয়মীয়া খবৰ

ads5

ads2

adsz

এইদৰে ব্যৱহাৰ কৰক মেথি গুটি। লাভ কৰক লাখ টকাৰ চমৎকাৰী গুণাগুণ - Health Benifit of Daily uses of fenugreek fenugreek

 এইদৰে ব্যৱহাৰ কৰক মেথি গুটি। লাভ কৰক লাখ টকাৰ চমৎকাৰী গুণাগুণ - Health Benifit of Daily uses of fenugreek fenugreek



মেথিগুটিৰ বিভিন্ন উপকাৰী গুণ

গোটেই বিশ্বত বহুলভাৱে ব্যৱহৃত হোৱা মচলা ঔষধি বিধেই হৈছে মেথি( Fenugreek, বৈজ্ঞানিক নাম Trigonella foenum graecum)। বিভিন্ন ব্যঞ্জনত উপকৰণ হিচাবে ব্যৱহাৰ হোৱা মেথি বহু ঔষধি গুনেৰে ভৰপূৰ। সেয়েহে ইয়াক মচলা ঔষধি বুলি উল্লেখ কৰিছো।পাতৰ পৰা আৰম্ভ কৰি গুটিলৈকে বিভিন্ন ব্যঞ্জন আৰু ঔষধ হিচাপে ব্যৱহাৰ হয়।দাইলত ফোৰণ দিবলৈ ব্যৱহাৰ কৰা 'পাঁচ ফোৰণ'ৰ ই অন্যতম মুখ্য উপকৰণ।আচাৰ বনাওঁতে মেথিগুটিৰ ব্যবহাৰ হয়। ইয়াৰ মলমলীয়া গোন্ধে আচাৰৰ সোৱাদ দুগুণে বঢ়াই তোলে। উত্তৰ ভাৰতীয় ব্যঞ্জন সমূহত ব্যৱহাৰ হোৱা কচুৰী মেথি আন একো নহয় , শুকুৱাই লোৱা মেথিৰ পাতহে। দক্ষিণ এছিয়াৰ বিভিন্ন ব্যঞ্জনত মেথিৰ শাক আৰু গুটি ব্যৱহাৰ হয়। মধ্য প্ৰাচ্যৰ দেশ সমূহতো মেথিৰ ব্যৱহাৰ হয়। ইয়াৰ উপৰিও প্ৰাচীন কালৰে পৰা বিশ্বৰ বিভিন্ন দেশত ইয়াক বনৌষধি হিচাবে ব্যৱহাৰ কৰি অহা হৈছে।ইথিওপিয়াত মেথিগুটি ডায়েবেটিচ ৰোগৰ বনৌষধি হিচাবে ব্যৱহাৰ হয়।ঠিক তেনেকৈ আয়ুৰ্বেদ শাস্ত্রত বিভিন্ন ৰোগ নিৰাময়ত মেথি গুটিৰ ব্যবহাৰ উল্লেখ আছে।মেথি গুটিত ভিটামিন A,বিভিন্ন প্ৰকাৰৰ ভিটামিন B যৌগ, ভিটামিন K, পতাচিয়াম, কেলচিয়াম,আইৰণ, মেগনাছিয়াম, মেংগানিজ,জিংক আদি পোৱা যায় বাবে বহু ৰোগত উপকাৰী। এটা বিশেষ যৌগৰ (sotolon) বাবে মেথিৰ আকৰ্ষণীয় বিশেষ গোন্ধটো পোৱা যায়।বিভিন্ন ৰোগত মেথি গুটিৰ উপকাৰীতা সমূহ হ'ল:-

(১) ডায়েবেটিচ ৰোগত মেথি গুটিৰ ব্যৱহাৰ কৰিলে উৎকৃষ্ট ফল পোৱা যায়।ইয়াত থকা এবিধ বিশেষ এমিন' এচিদে( 4- hydroxy isoleucine) অগ্নাশয়ৰ পৰা ইনচুলিন ক্ষৰণ হোৱাত সহায় কৰে।ইয়াৰ উপৰিও দৈনিক খাদ্য তালিকাত যদি অলপ হলেও মেথি গুটি থাকে ই ডায়েবেটিচ ৰোগ হোৱাতো বাধা দিয়ে।ডায়েবেটিচ ৰোগীয়ে মেথিগুটি খোৱাৰ নিয়ম কেইটা হ'ল:-
🔹 এচামুছ মেথিগুটি এগিলাচ পানীত গোটেই ৰাতি তিয়াই থওক। পিছদিনা খালি পেটত পানী গিলাচ খাওক( লগতে মেথিগুটি কেইটা চোৱাই খাব পাৰে)।
🔹 মেথি গুটি ভালকৈ ধুই ৰ'দত ভালকৈ শুকুৱাই লওক। তাৰ পিছত কেৰাহীত শুকানে ৰঙচুৱা হোৱাকৈ ভাজি লওক।ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পাউদাৰ বনাই বটলত ভৰাই থওক । দৈনিক এচামুছ বা দুই চামুচ ভাতৰ লগত খাওক।এইদৰে গুৰি কৰি খালে খাবলৈও ভাল লাগে,তিতা কমি যায়। মাজে মাজে ব্লাড চুগাৰ টেষ্ট কৰাই থাকিব।
🔹 আধা চামুচ মেথিৰ গুৰি, আধা চামুচ শুকান আমলখিৰ গুৰি মিহলাই খাওক দিনে এবাৰ বা দুবাৰকৈ মাজে সময়ে। আমলখিও ডায়েবেটিচ ৰোগত উপকাৰী।


(২) উচ্চ ৰক্তচাপ, কলেষ্টৰল( high LDL, high triglyceride আদিও) নিয়ন্ত্ৰণ কৰাত মেথি গুটি উপকাৰী। ইয়াত থকা এবিধ ফাইবাৰৰ ( galactomannan) বাবে উচ্চ ৰক্ত চাপ আৰু কলেষ্টৰলৰ নিয়ন্ত্ৰণ হয়। যাৰ উচ্চ ৰক্তচাপ আৰু কলেষ্টৰলৰ সমস্যা আছে তেওঁলোকে খাদ্যতালিকাত মেথিগুটি অন্তৰ্ভুক্ত কৰক। লগতে ৰিফাইন চুগাৰ(চেনি), ময়দাৰ পৰা বনোৱা ব্যঞ্জন,স্নেহযুক্ত আহাৰ,জাংক ফুড,চিজ, মাখন, নিমখ যিমান পাৰে কমাই খাওক। দৈনিক তিনিফুটাকৈ কেঁচা বা সেকা নহৰু খাওক।


(৩) চুলিৰ স্বাস্থ্য ৰক্ষাত মেথিৰ ব্যৱহাৰ অতি চমৎকাৰী। উফি,চুলি সৰা আদি বিভিন্ন সমস্যাত মেথিৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। দুটামান দিহা হৈছে:-
🔹 মেথি গুটি পিচি পেষ্ট বনাই চুলিৰ গুৰিত ২০ মিনিট মান লগাই থওক।তাৰ পিছত চেম্পু কৰি ধুই দিয়ক।এনেকৈ সপ্তাহত এবাৰকৈ ব্যৱহাৰ কৰক।
🔹 নাৰিকল তেলৰ লগত মেথিগুটি সিজাই ঠাণ্ডা হোৱাৰ পাছত চেকণিৰে চেকি লৈ বটলত ভৰাই ৰাখক। চেম্পু কৰাৰ আগদিনা ৰাতি সেই তেল চুলিৰ গুৰিত মালিচ কৰক।নিশ্চয় সুফল পাব।
🔹 মেথিগুটিৰ পেষ্ট আৰু দৈৰ পেক চুলিত লগালেও উফিৰ সমস্যা দূৰ হয়।


(৪) কোষ্ঠকাঠিন্য, বদহজম ,এচিডিটি আদি সমস্যাত মেথিশাক বা মেথিগুটি খালে সুফল পোৱা যায়।ভাজি গুৰি কৰা মেথিৰ গুৰি অকণমান এগিলাচ পানীত মিহলাই নিতৌ খালে গেছৰ আৰু বদহজমৰ সমস্যা কমি যায়।


(৫) মহিলাৰ মাহেকীয়া হোৱাৰ পূৰ্বৰ কিছুমান সমস্যাত (Premenstrual Syndrome)মেথিগুটি খালে সুফল পোৱা যায়। ইয়াৰ উপৰি ৰজনিবৃত্তিৰ (Menopause)সময়ত সৃষ্টি হোৱা বিভিন্ন সমস্যাত মেথিগুটিৰ দৈনিক ব্যৱহাৰে সুফল দিয়া দেখা যায়। ডালি, ৰুটি, পৰঠা আদিত মেথিগুটি দি খাওক।


(৬) স্তনপান কৰোৱা মহিলাৰ দুগ্ধ উৎপাদনত মেথিগুটিৰ ব্যৱহাৰ উপকাৰী।ইয়াত থকা এবিধ যৌগই( Diosgenin) দুগ্ধ উৎপাদন কৰাত সহায় কৰে। ভোজনৰ লগত নিয়মিত মেথি গুটি সেৱন কৰিলে দুগ্ধ উৎপাদন কাৰ্য্য খৰতকীয়া হয় আৰু লগতে দুগ্ধৰ শোধনও হয়। দুগ্ধৱতী মহিলাই দুগ্ধৰ পৰিমাণ বঢ়াব খুজিলে কেচা অমিতাৰ তৰকাৰী, মচুৰ দাইল আদি প্ৰটিন জাতীয় খাদ্য বেছিকৈ খাব লাগে। কচু শাকৰ জালুকীয়া খালেও ভাল কাৰণ কঁচুত প্ৰচুৰ পৰিমানে আইৰণ থাকে।(


৭) ছালৰ বিভিন্ন ৰোগত বিশেষকৈ ভেঁকুৰ জনীত কিছুমান ৰোগত (fungal disease)মেথিগুটি ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে কেইচামুচমান মেথিগুটি পানীত এৰাতি তিয়াই থওক। ৰাতিপুৱা তাৰ লগত কেঁচা হালধীৰ পেষ্ট বনাই আক্ৰান্ত অংশত আধা ঘণ্টা মান লগাই থওক। তাৰ পিছত ধুই পেলাওক নাইবা স্নান কৰক।


(৮) শেহতীয়া গৱেষণাৰ পৰা জনা গৈছে যে মেথিগুটিৰ সেৱন কৰিলে ষ্ট্ৰেছ( stress) বা মানসিক অৱসাদ জনীত সমস্যাত সুফল পোৱা যায়। ইয়াৰ বাবে মেথিৰ হাৰ্বেল চাহ বনাই খাব পাৰে। তুলসী, পদিনা, নেমুৰ ৰস, ডালচিনি, মেথিগুটি আৰু মৌ দি বনোৱা এই হাৰ্বেল চাহ বহু উপকাৰী।


(৯) যিসকলে নিজৰ বৰ্ধিত ওজন লৈ চিন্তিত তেওঁলোকে দৈনিক খাদ্যতালিকাত মেথিগুটি অন্তৰ্ভুক্ত কৰক। লগতে যোগাভ্যাস, প্ৰানায়াম, সঠিক খাদ্য গ্ৰহন কৰক। নিশ্চয় সুফল পাব।

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

Related Search
Health benifit of fenugreek
methi guti in assamese
methi health benifit in assamese
health benifit of methi
Assam health tips
insurance for health
future health insurance
health insurance update

SeeHere is theComments

Sponsored

close