> কেৱল 10 টকাৰ এই গছজোপাই 5 লাখ টকাৰ চিকিৎসা বিল বচাব পাৰিব । Dupor Tenga Pat - নিয়মীয়া খবৰ

ads5

ads2

adsz

কেৱল 10 টকাৰ এই গছজোপাই 5 লাখ টকাৰ চিকিৎসা বিল বচাব পাৰিব । Dupor Tenga Pat

 

কেৱল 10 টকাৰ এই গছজোপাই 5 লাখ টকাৰ চিকিৎসা বিল বচাব পাৰিব । Dupor Tenga Pat



কথাষাৰ আপুনি হয়তো বিশ্বাস নকৰিব পাৰে কিন্তু ই সত্য। কেৱল 10 টকাৰ এই গছজোপাই আপোনাৰ কমেও 5 লাখ টকাৰ চিকিৎসা বিল ৰক্ষা কৰিব পাৰে। গতিকে, আপুনি স্বাস্থ্য বীমা কৰাক বা নকৰাওক, আপুনি এই গছজোপা ব্যৱহাৰ কৰিলে আপোনাক কোনো স্বাস্থ্য বীমাৰ প্ৰয়োজন নহ'ব। এই উদ্ভিদক বিভিন্ন নামৰে জনা যায়। যেনে দুপৰটেঙা বা পাটেগজা ইত্যাদি। এই উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে ট্রাওফাইলাম পিনেটম। দুপৰটেঙাৰ ব্যৱহাৰ কৰি কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সৈতে সম্পর্কিত যিকোনো প্ৰকাৰৰ ৰোগ সঠিকভাৱে নিৰাময় কৰিব পৰা যায়।

দুপৰটেঙা কেনেদৰে ব্যৱহাৰ কৰিব?

আয়ুৰ্বেদ শাস্ত্ৰত দুপৰটেঙা ব্যৱহাৰৰ বাবে বিশেষ নিয়ম আছে। যেন - এই গছৰ কেৱল দুটা পাত ছিঙি পেলাই পৰিষ্কাৰ কৰিব লব লাগে আৰু ৰাতিপুৱা খালী পেটত গৰম পানী সৈতে সেৱন কৰিব লাগে। আৰু যেতিয়া আপুনি প্ৰতিদিনে এনে কৰে, কেইদিনমানৰ ভিতৰতে কিডনীৰ পাথৰবোৰ সম্পূৰ্ণৰূপে ভাঙি শেষ হৈ যাব ।যদি আপুনি দুপৰটেঙা পাত মিহি মিহিকৈ চোবাই খায় বা পকৰি বনাবৰ সময়ত ইয়াক ব্যৱহাৰ কৰে, ই আপোনাৰ স্বাস্থ্যৰ বাবেও লাভজনক হব পাৰে।

দুপৰটেঙাৰ উল্লেখনীয় ঔষধীয় গুণসমূহ -

পেটৰ বিষ: যদি আপোনাৰ পেটৰ বিষ হৈ আছে, অলপ দুপৰটেঙাৰ ৰস উলিয়াই লৈ তাৰ সৈতে অলপ আদা পাউডাৰ মিহলি কৰক । পিছত ইয়াক সেৱন কৰক। ই পেটৰ বিষ উপশম কৰে।

পাথৰ - যদি প্ৰস্ৰাৱৰ ৰাস্তাত পাথৰ থাকে, দহটা দুপৰটেঙা পাত লওঁক আৰু এক গিলাচ পানীৰে মিহলি কৰি প্ৰতিদিনে খালী পেটত সেৱন কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে মাত্র ১০ৰ পৰা ১৫ দিনৰ ভিতৰত প্ৰস্ৰাৱৰ যোগেৰে ভাঙি ওলাই যায়।ইয়াৰ উপৰিও, অন্যান্য মূত্রাশয়ৰ ৰোগতো দুপৰটেঙা পাত কাৰ্যকৰী হয়।

মূত্রাশয় ৰোগ- 10 টা দুপৰটেঙা পাত এক গিলাচ পানীত উতলাই দিয়ক কাঢ়া প্ৰস্তুত কৰক। প্রতি ৰাতিপুৱা খালী পেটত ইয়াক সেৱন কৰিব। নিয়মীয়া 5 দিনৰ বাবে এনে কৰিলে সকলো মূত্রাশয়ৰ ৰোগ উপশম হ'ব।

ফোহা আতৰায়: দুপৰটেঙাৰ অনেক লাভালাভ আছে আৰু ইয়াৰ ব্যৱহাৰে ফোহা সমস্যাৰ পৰাও মুক্তি পোৱাত সহায় কৰে। ফোহা হলে দুপৰটেঙাৰ পাত ছিঙি গৰম কৰি লব । তাৰ পিছত আপুনি এই গৰম পাতবোৰ ফোহাৰ ওপৰত ৰাখিব। এনে কৰিলে ফোঁহাবোৰৰ বিষৰ পৰা সকাহ পোৱা যায় আৰু লগতে ফোঁহাবোৰো সোনকালে শুকাব ধৰে ।

মুৰৰ বিষ দূৰ কৰে - যদি আপুনি মুৰৰ বিষৰ সমস্যাত ভূগি আছে তেন্তে দুপৰটেঙাৰ পাত ব্যৱহাৰ কৰিব পাৰে । আপুনি দুপৰটেঙাৰ পাত ছিঙি তাত পাতল গৰম সৰিয়হৰ তেল প্ৰয়োগ কৰক আৰু সেই পাতটো আপোনাৰ কপালে ৰাখক। কপালত দুপৰটেঙাৰ পাত ৰখাৰ এক মিনিটৰ ভিতৰত মুৰৰ বিষ নাইকিয়া হ'ব।

পাথৰ - দুপৰটেঙা পাত দাঁত বিষৰ বাবে অতি লাভজনক। যেতিয়া দাঁতত বিষ হয়, আপুনি দাঁতত দুপৰটেঙাৰ পাত ঘহি দিব । এনে কৰি, দাঁতৰ বিষ নাইকিয়া হ'ব। দৰাচলতে, ইয়াৰ পাতত এণ্টি ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ থাকে যি বিষ হ্রাস কৰাত কাৰ্যকৰী প্ৰমাণিত হয়।

দুপৰটেঙাৰ পতাৰ পৰিষ্কাৰ নকৰি নোধোৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব। ৰক্তচাপৰ ৰোগীসকলে ইয়াক সেৱন কৰিব নালাগে। যেতিয়াই আপুনি দুপৰটেঙা সেৱন কৰে মনত ৰাখিব এঘণ্টাৰ বাবে একো খোৱা বোৱা কৰিব নালাগে। লগতে জোখতকৈ অধিক দুপৰটঙো ব্যৱহাৰ নকৰিব।

Related Search
Assamese health tips
Assam Latest news
health news in assamese
dupar tenga paat
dupar tenga health benefits
health insurance policy
best insurance for health
insurance tips

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

SeeHere is theComments

Sponsored

close