> 24th January, Monday - Tomorrow's horoscope in assamese - ২৪ জানুৱাৰী, সোমবাৰ - অহাকালি দিনটোৰ ৰাশিফল । - নিয়মীয়া খবৰ

ads5

ads2

adsz

24th January, Monday - Tomorrow's horoscope in assamese - ২৪ জানুৱাৰী, সোমবাৰ - অহাকালি দিনটোৰ ৰাশিফল ।

 



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, January 24, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। প্ৰেমৰ পিনে দি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, January 24, 2022)

হৃদ-ৰোগীৰ বাবে কোফি খোৱা এৰাৰ বাবে এইটোয়ে ভাল সময় । এতিয়া ইয়াৰ অলপ ব্যৱহাৰো আপোনাৰ হৃদয়ৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক, সমৰ্পনৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম অথবা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠিব। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত।যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক, যিকোনো কথা জোৰ-জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহুৱাত সমস্যাৰ সন্মুখীন হব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিচত বৰবাদ কৰিব পাৰে। যদি আপুনি জীৱন সংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে তেন্তে জীৱন সংগীৰ ফালৰ পৰা নঞাৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, January 24, 2022)

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। দিনৰ দ্বিতীয় প্ৰহৰত বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব লগতে আনন্দৰে ভৰপূৰ হ'ব। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হব।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল 

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, January 24, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। ভুল কথা সমূহক ভুল সময়ত কোৱাৰ পৰা বাচক, যাক আপুনি ভাল পায় তেখেতৰ মনত দুখ দিয়াৰ পৰা বিৰত থাকক। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱন সংগী আজি এই কথা প্ৰমাণ কৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, January 24, 2022)

ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, January 24, 2022)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন ,বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। কিছুমান মানুহে বিবাহ সম্পৰ্ক টো অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি কব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল 

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, January 24, 2022)

আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগ ৰ বাবে আপুনি নতুন আত্ম বিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব ,কিন্তু আৱশ্যকীয় চিনাকি হবৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, January 24, 2022)

আপোনাৰ শক্তিশালী আৰু অভয়তা ৰ এই গুণ সমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, January 24, 2022)

জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। দিন শেেষ হোৱাৰ সময়ত কোনোবা পূৰণি মিত্ৰক লগ পাব পাৰে। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । যদি আপুনি নিিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰবণতা আছে। আপুনি বভাৱে নেকি বিয়া অকল এটা চুক্তি ? যদি আপুনি হয় বুলি ভাৱে ,তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল 

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, January 24, 2022)

আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজবোধ নকৰিব।আত্ম বিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব,কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিল হে হ'ব,লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ'ব। আত্ম বিশ্বাসক পুনৰাই ঘুৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাহিঁ মুখে কৰক। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগা দেৱা হব যিবোৰে আপোনাক প্ৰকাশ হব নিদিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত সংঘাতৰ সৃষ্টি হব পাৰে। 


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, January 24, 2022)

শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। কামত থকা প্ৰফেশ্বনাল ব্যৱহাৰৰ বাবে আপুনি প্ৰশংসা লাভ কৰিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, January 24, 2022)

স্বাস্থ্যৰ ৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হব পাৰে ,কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল 

Related Search

Assamese daily horoscope

ৰাশিফল ২০২২ 

Rashifol 2022

rakhifol 2022

অসমীয়া ৰাশিফল 

insurance tips 

best insurance for health 




SeeHere is theComments

Sponsored

close