> 25th January Tuesday day - Today's horoscope in assamese - ২৫ জানুৱাৰী, মঙলবাৰ ।আজিৰ দিনটোৰ ৰাশিফল - নিয়মীয়া খবৰ

ads5

ads2

adsz

25th January Tuesday day - Today's horoscope in assamese - ২৫ জানুৱাৰী, মঙলবাৰ ।আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, January 25, 2022)

আজিৰ দিনটোত কফি খোৱা এৰি দিয়ক ,বিশেষকৈ হৃদ ৰোগী সমূহে। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। নতুন প্ৰস্তাৱ আকৰ্ষক হব কিন্তু সোনকালে নিৰ্ণ লব যোৱাটো বুধিয়কৰ কাম নহয়। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তি শালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱন সংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, January 25, 2022)

জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিহতক পইচাতো ধাৰত দি দিব কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। বেংকিং ক্ষেত্ৰৰ লগত জড়িত লোক সমূহ ভাল খবৰ পাব পাৰে, পদোন্নতিৰ বহুত সম্ভাৱনা আছে ,আপুনি নিজৰ সুখ দুগুণ কৰিবৰ বাবে সহকৰ্মীৰ লগত শ্বেয়াৰ কৰিব পাৰে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ-ৰং ক ভাল কৰিবৰ বাবে কৰা চেষ্টআ সন্তুষ্ট জনক হব। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, January 25, 2022)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তাল মেল ৰাখি কাম কৰক। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব। যি নতুন সম্পৰ্ক আপুনি আজি বনাব ,সেইবোৰে আপোনাৰ কেৰিয়াৰত উন্নতিত সহায় কৰিব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আপোনাৰ জীৱন সংগী আজি ওচৰ-চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, January 25, 2022)

ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। কাম-কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। ৰোমাণ্টিক মনোভাৱ সমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব।। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই যিবোৰ কাম কৰিব সেই কাম তেখেতক সহায় কৰাৰ উপৰি আপোনাকো নিজৰ দিশে অলপ ধনাত্মকভাৱে চাবলৈ শিকাব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, January 25, 2022)

বয়স্ক লোক সকলে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত লবলগীয়া দিন, আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণ ৰূপে তৈয়াৰ। আপুনি ভাৱি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি কল্পনাও কৰা নাছিল। আহিবলগা দিন বোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, January 25, 2022)

জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। নিজৰ দৈনিন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। বেলেগৰ লগত ভাল ভাৱে ব্যৱহাৰ কৰক ,বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, January 25, 2022)

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, January 25, 2022)

স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিস্থাত আঘাত পাব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, January 25, 2022)

আপুনি কামত বহুত বেছি পিছুৱাই যাব ,কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব আৰু আপোনাৰ লগ নিদিব ,ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হব পাৰে,এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ী বোৰক আজি বহুত ভাৱি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ বাবে আজি আপুনি বহুত দুখী হব। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱন সংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সুত্ৰপাত কৰিব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, January 25, 2022)

কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে ,নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াই শ্ৰেয় নহ'লে এইবোৰে আপোনাৰ সমস্যা বঢ়াব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আপোনাৰ জীৱন সংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, January 25, 2022)

জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ শলঠেকত পৰিব পাৰে। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, January 25, 2022)

আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হব পাৰে ।এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্টৰ ৰ পৰা ভালকৈ পৰামৰ্শ লওক কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱন সংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব।

২৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আপোনাৰ সাপ্তাহিক ৰাশিফল 

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

Related Search

Assamese daily horoscope

ৰাশিফল ২০২২ 

Rashifol 2022

rakhifol 2022

অসমীয়া ৰাশিফল 

insurance tips 

best insurance for health 

SeeHere is theComments

Sponsored

close