> ৩ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। অহাকালি দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 3 February, Thursday, tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৩ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। অহাকালি দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 3 February, Thursday, tomorrow's horoscope in assamese

daily horoscope in assamese 2022

 ৩ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। অহাকালি দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 3 February, Thursday, tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, February 3, 2022)

আজি আপোনাক কোনো সমস্যা আৰু মতভেদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ,যাৰ ফলত আপুনি আস্থিৰ অনুভৱ কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। আপোনাৰ জীৱন-সংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, February 3, 2022)

আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক,লগতে পিঠি আৰু ককাঁল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্ম-বিশ্বাসঅৰ উন্নতি হ'ব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। আপোনাৰ ঘৰৰ মানুহ আপোনাৰ চেষ্টা আৰু সমৰ্পনক বহুত প্ৰশংসা কৰিব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ অন্তৰ্নিহিত শক্তিৰ আপোনাক সমানেই সহযোগ কৰিব আজি অফিচত আপোনাৰ দিন ভাল কৰিবৰ বাবে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, February 3, 2022)

আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ'ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিহতক পইচাতো ধাৰত দি দিব কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনঃ জীৱিত কৰি তুলিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত লবলগীয়া দিন, আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণ ৰূপে তৈয়াৰ। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ কৰোবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, February 3, 2022)

অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। পৰিয়ালৰ লগত সামাজিক গতিবিধিত সহযোগিতা বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পুৰ্ণ সহযোগ আগ বঢ়াব ।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, February 3, 2022)

যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱাবস্তুৰ সোৱাদ বঢ়াই তোলে ঠিক তেনেকৈ অলপ দুঃখৰ এই জীৱনত প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা-পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱা আৰম্ভ হব। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, February 3, 2022)

কিছুমান মানুহ ভাৱিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে , কিন্তু এই খিনি কথা সত্যৰ পৰ বহু দূৰত অৱস্থান কৰে, আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা অথবা পাঠ অতি সোনকালে আহৰণ কৰিব পাৰে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। ঘৰত আলহীৰ আগমনে আজিৰ দিনটো ধুনীয়া আৰু সুখকৰ কৰি তুলিব। নিজৰ প্ৰিয়জনৰ পূৰণি কথা বোৰৰ বাবে ক্ষমা কৰি দিয়ক ,যি আপোনাৰ জীৱন ভাল কৰাত অৰিহনা যোগাব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰ ৰ সমস্যা লৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব নহলে লোকচান হব পাৰে। আজি দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহতঁৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে, অৱশ্যে আপুনি মদ,চিগাৰেট এইবোৰৰ পৰা দুৰত থকাটোয়ে ভাল হ’ব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, February 3, 2022)

মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, February 3, 2022)

কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্স প্ৰাপ্ত কৰিব। যিসকল বিবাহিত সিহতঁৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। এই সময় হল কেৰিয়াৰত লোৱা গুৰুত্বপূৰ্ণ নিৰ্ণয়ৰ ,যাৰ বিষয়ে আপুনি বহুত দীঘলীয়া সময়ৰ পৰা ভাৱি আছে। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, February 3, 2022)

পূৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্ম বিশ্বাসী কৰি তুলিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। ভাল কমিউনিকেশ্বন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হব পাৰে,কিন্তু মিলি-জুলি বহি কথা পাতিলে বিষয় বস্তুবোৰ ঠিক হব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, February 3, 2022)

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ পৰা দুৰ থাকিব নহ’লে আপোনাৰ সময় নষ্ট হ’ব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, February 3, 2022)

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। সন্ধিয়াৰ সময়ত ৰান্ধনি ঘৰত প্ৰয়োজন হোৱা বস্তুৰ ক্ৰয় কৰাত আপুনি ব্যস্ত থাকিব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, February 3, 2022)

আপোনাৰ উৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ যাম কামবোৰ আপুনি আজি কৰি শেষ কৰিব পাৰিব। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা-দেউতাক মনোকষ্ট দিব পাৰে, যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব ,গোটেই দিন আপোনাৰ মন ভালে থাকিব। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন।


SeeHere is theComments

Sponsored

close