> ১ এপ্ৰিল, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 1 April , Friday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১ এপ্ৰিল, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 1 April , Friday - Today's horoscope in assamese

 ১ এপ্ৰিল, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 1 April , Friday - Today's horoscope in assamese




মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, April 1, 2022)

ধ্যান আৰু যোগ আপোনাক শাৰীৰিক আৰু মানসিক ৰূপ ত শক্তিশালী কৰিব আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰলগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, April 1, 2022)

মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আজি ঘৰ ৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱা বাবে আপোনাৰ ধন ব্যয় হব পাৰে ঘৰৰ লগত জড়িত যোজনা সমূহত বিচাৰ কৰাৰ প্ৰয়োজন আছে। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, April 1, 2022)

আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। ঘৰখনক সজোৱাৰ লগতে ,লৰা-ছোৱালীৰো যতন লওক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে , সেই শৰীৰ কিমানেই ধুনীয়া নহওক কিয়! সন্তান ঘৰখনত আনন্দ আৰু সুখৰ নিজৰা লৈ আহে। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। যিকোনো ব্যক্তিৰ লগত অংশীদাৰৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, April 1, 2022)

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হব পাৰে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, April 1, 2022)

ধ্যান আৰু যোগ আপোনাক শাৰীৰিক আৰু মানসিক ৰূপ ত শক্তিশালী কৰিব আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, April 1, 2022)

স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীণ কেতিয়াও নাছিল।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, April 1, 2022)

অধিক আৰু বেছি কেলৰীৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰ ৰ সমস্যা লৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব নহলে লোকচান হব পাৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, April 1, 2022)

আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাৱি ভুল নকৰিব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে যি নিজৰ সহায় নিজে কৰিব জানে। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, April 1, 2022)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা লব পাৰে , সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, April 1, 2022)

স্বাস্থ্য ভালে থাকিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। ঘৰত আপোনাৰ সন্তান যিকোনো সৰু ঘটনা এটাক বহুত ডাঙৰ কৰি কোৱাৰ বাবে আপুনি পৰিস্থিতিক চালি-জাৰি নোচোৱাকৈ একো পদক্ষেপ নলয় যাতে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। জীৱন সংগীৰ অসুস্থতা আপোনাৰ কাম-কাজৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে ,কিন্তু আপুনি কিবা প্ৰকাৰে বস্তু বোৰ ধৰি ৰখাত সক্ষম হব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, April 1, 2022)

বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। সৰু ল'ৰা -ছোৱালী আপোনাক ব্যস্ত কৰি ৰাখিব আৰু মনটো সন্তুষ্টি লাভ কৰিব। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, April 1, 2022)

আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। সৰু সুৰা কথালৈ ও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হব পাৰে। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে।

SeeHere is theComments

Sponsored

close