> ৩০ মাৰ্চ, বুধবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 30 March , Wednesday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৩০ মাৰ্চ, বুধবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 30 March , Wednesday - Tomorrow's horoscope in assamese

৩০ মাৰ্চ, বুধবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 30 March , Wednesday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। জীৱন-সংগিনী আপোনাৰ ধুম্ৰ পাণৰ দৰে বদ-অভ্যাস এৰুৱাওৰ সময়ত বহুত সহায় কৰিব লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময় ,কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত । বহুত মানুহৰ বাবে আজিৰ ৰোমাণ্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হব। ব্যৱসায়িক নিৰ্ণয় লোৱাৰ বাবে আজি বহুত ভাল দিন । এই ৰাশিৰ ছাত্ৰসকলৰ আজি মোবাইলে গোটেই দিন বৰবাদ কৰি দিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। নিজৰ দৈনিন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। কামত আপুোনাৰ দক্ষতাৰ আজি পৰীক্ষা হব , ইচ্চা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টা ক একাগ্ৰতাৰে চলাই থাকিব লাগিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Wednesday, March 30, 2022)

নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত , য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Wednesday, March 30, 2022)

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপোনাৰ এই চমৎকৃত আৰু উজ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাৱি ভাৱি সময়ো বৰবাদ কৰি দিব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হব পাৰে ।এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্টৰ ৰ পৰা ভালকৈ পৰামৰ্শ লওক কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেছি বেয়া কৰিব পাৰে। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ চাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে ,কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব, সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজ কাঢ়ি ঘুৰি ফুৰক আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হব। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। পৰিয়ালৰ সদস্যৰ ভাল পৰামৰ্শ আজি আপোনাৰ বাবে লাভদায়ক নিৰ্ণয় হব। আপোনাৰ মনৰ কথা প্ৰকাশ কৰি আপুনি নিজকে বহুত খালী আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। যদি আপুনি অলপ সময়ৰ বাবে অনুভৱী লোকৰ মাজত সময় অতিবাহিত কৰিলে বহুত জ্ঞান লাভ কৰিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। দীঘলীয়া সময়ৰ পৰা ৰৈ থকা নিৰ্ণয়ক আজি বাস্তৱত ৰূপায়িত কৰাত আপুনি সফল হব আৰু নতুন যোজনা আগ বাঢ়িব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Wednesday, March 30, 2022)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। অফিচত কোনোোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হব পাৰে। নিজৰ আত্ম-বিশ্বাসৰ লাভ লওক ,বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। সাধাৰণৰ বিবাহিত জীৱনত আজি ৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Wednesday, March 30, 2022)

শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। ব্যযৱসায় আৰু অংশীদাৰৰ পৰা দূৰত থাকক। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন।

SeeHere is theComments

Sponsored

close