> ১৩ এপ্ৰিল, বুধবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 April , Wednesday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৩ এপ্ৰিল, বুধবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 April , Wednesday - Tomorrow's horoscope in assamese

১৩ এপ্ৰিল, বুধবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 April , Wednesday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Wednesday, April 13, 2022)

জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভুতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক ,অহেতুক চিন্তা কৰিবলৈ এৰটো ইয়াৰ প্ৰথম পদক্ষেপ। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে ,সেয়ে লেন-দেনৰ লগত জড়িত কাম বোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Wednesday, April 13, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ কথা আৰু কৰ্মৰ ফলত যাতে কোনো মনত আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ভালভাৱে চলিব চেষ্টা কৰক। পাৰিবাৰিক প্ৰয়োজনৰ প্ৰতিও লক্ষ্য ৰাখিব আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে-কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খঙ কৰিব পাৰে। যিবিলাক লোক এতিয়ালৈ বেকাৰ হৈ আছে সিহতে আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিবৰ দৰকাৰ। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Wednesday, April 13, 2022)

নিজৰ কামৰ বাবে বেলগৰ ওপৰত হেচা নিদিব,বেলেগৰ ইচ্ছা আৰু অনিচ্ছা সমূহক ভালকৈ মন কৰক ,ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Wednesday, April 13, 2022)

নিঃসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Wednesday, April 13, 2022)

দৈনিক গতিবিধিত গৰ্ভ্বতী মহিলা সকল সাৱধানী বৰ্তাই চলাটো আৱশ্যক। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। আপোনাৰ নিৰ্ণয়ত আপোনাৰ মা-দেউতাৰ সহায় গুৰুত্বপূৰ্ণ বুলি প্ৰমাণ হব। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপুৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাৱেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Wednesday, April 13, 2022)

নঞাৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক।এইটো আপুনি দান পূণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব,যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Wednesday, April 13, 2022)

মনত জমা হৈ থকা সমস্যা অথবা অসুবিধা সমূহ প্ৰকাশ নকৰিলে মানসিক ভাৱে হতাশ হৈ যাব পাৰে। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিব বুলি ভাবিছিল সেইবস্তুতো আপোনাৰ অযথা খৰচ হব পাৰে। যদি আপুনি পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত নকৰে ,তেনেতে আপুনি ঘৰত সমস্যাৰ আকাংক্ষা কৰিব পাৰে। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোক সকল আজি অফিচৰ যা- তা ক্থাৰ পৰা বাচি থাকিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Wednesday, April 13, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। কিছুমান নিশ্চিত গুৰুত্বপুৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। আজিৰ দিন ফুৰ্ত্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়, এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। আপোনাৰ অনুভৱ হব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি কৰিব পাৰিছে। এই দিনটো এটা মহত্বপুৰ্ণ দিন বুলি পৰিগণিত হব। আজিঅৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব কিন্তু গধূলিলৈ দুৰৱৰ্তী অতিথিৰ আগমণে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Wednesday, April 13, 2022)

কিছুুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে,যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক অৰু পৰিস্থিতিৰ লগত সন্মুখীন হব'লৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কোনোবা ঘনিষ্ঠ জন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতেক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু-বাহানিৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষাৰ দিয়াৰ আৱশ্যকতা আছে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Wednesday, April 13, 2022)

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক, ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ পৰা দুৰ থাকিব নহ’লে আপোনাৰ সময় নষ্ট হ’ব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগ বাঢ়িব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Wednesday, April 13, 2022)

আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আপোনাৰ বভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। যাত্ৰা কৰিলে আপোনাৰ ব্যৱসায়িক সম্বন্ধ ভাল হব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Wednesday, April 13, 2022)

সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল'ব। আপোনাাৰ সন্তান আপোনাৰ মন আৰু ধ্যান সদায় সিহঁতৰ পিনে আকৰ্ষিত কৰিব বিচাৰে কিন্তু সিহঁতেই যে এই সুখৰ কাৰণ। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। কাম-কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব।

SeeHere is theComments

Sponsored

close