> ২১ জুন , মঙলবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 21 June, Tuesday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২১ জুন , মঙলবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 21 June, Tuesday - Today's horoscope in assamese

  ২১ জুন , মঙলবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 21 June, Tuesday - Today's horoscope in assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, June 21, 2022)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। বন্ধুৰ লগত ঘুৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব। কিন্তু বেছি খৰছ নকৰিব, নহ'লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘুৰি আহিব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিবি লাগিব নহ’লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ’ব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, June 21, 2022)

শাৰীৰিক ব্যায়াম আৰু ওজন কমোৱাৰ উপায়বোৰ মানি চলিলে আপোনাৰ ৰেহ-ৰূপ উজ্বলি উঠাত সহায় হ'ব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋনাত্মক প্ৰভাৱ পৰিব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে কিন্তু ! নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰামতে পৰিণাম নিদিব। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, June 21, 2022)

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। অকল ভালকৈ ভাৱি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হব -এইকাৰণে নিজৰ আয়ৰ পইচা ভাৱি চিন্তি নিৱেশ কৰাতহে লাভ আছে। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। ৰোমাঞ্চৰ বাবে আগ-বঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্ন্তিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, June 21, 2022)

স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰ আত্ম বিশ্বাস আপোনাৰ প্ৰফেশ্বনাল জীৱনত বহুত ভাল প্ৰভাৱ বিস্তাৰ কৰিব আৰু ই অন্যক আপোনাৰ চিন্তা ধাৰা বুজোৱাত আৰু বেলেগৰ সহায় লাভ কৰাত সহায় কৰিব।। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, June 21, 2022)

ব্যস্ত দিনযোৰা ৰুটিনে আপোনাক খঙাল কৰি তুলিব পাৰে। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আপোনাৰ একাগ্ৰতা আৰু আত্ম বিশ্বাসৰ স্তৰ উৰ্ধগামী হব ,তেন্তে আপুনি নিজৰ কেৰিয়াৰত উন্নতি কৰিব পাৰে। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, June 21, 2022)

আপুনি কামত বহুত বেছি পিছুৱাই যাব ,কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব আৰু আপোনাৰ লগ নিদিব ,ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হব পাৰে,এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰাত জটিলতাৰ সন্মূখীন হব পাৰে। কিন্তু ওচৰে-পাজৰে থকা লোক সকলৰ লগত কাজিয়া নকৰিব নহলে নিঃসংগতা ই খুলি খুলি খাব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাৱি আছিল তেখেত আচলতে আপোনাৰ শুভাকাংক্ষী হে হয়। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হব পাৰে ,আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, June 21, 2022)

আপোনাৰ বেপৰোৱা স্বভাৱৰ বাবে স্বাস্থ্যত অসুবিধা ৰ সৃষ্টি হব পাৰে। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। আপোনাৰ কামৰ গুণাৱলী চাই বৰিষ্ঠ সকল বহুত সুখী হব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সচাঁকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈয়ে অনুভৱ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, June 21, 2022)

বহুত বেেছি চিন্তাই আপোনাক মানসিক ভাৱে কঙা কৰি তুলিব পাৰে।ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী নহ'লে ই আপোনাক মানসিক ভাৱে আৰু শাৰীৰিক্ভাৱে পংগু কৰি দিব পাৰে। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আপোনালোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, June 21, 2022)

আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময়ত কৰা বজাৰে আপোনাক বহুত আনন্দ আৰু ৰোমাঞ্চকৰ হব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। নতুন প্ৰস্তাৱ আকৰ্ষক হব কিন্তু সোনকালে নিৰ্ণ লব যোৱাটো বুধিয়কৰ কাম নহয়। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হব পাৰে। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, June 21, 2022)

পূৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্ম বিশ্বাসী কৰি তুলিব। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যবসায় কৰিছে আজি সিহঁতে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহলে আৰ্থিল লোকচান হোৱাৰ আশাংকা আছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হব নিদিব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হব পাৰে ,আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰষা নকৰিব। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। আজি আপুনি এনেেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, June 21, 2022)

আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক।ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ'ব আৰু চিন্তা ধাৰাও সলনি কৰিব,ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ'ব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, June 21, 2022)

জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব । যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে , সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখ সমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে । আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। আপোনাাৰ সন্তান আপোনাৰ মন আৰু ধ্যান সদায় সিহঁতৰ পিনে আকৰ্ষিত কৰিব বিচাৰে কিন্তু সিহঁতেই যে এই সুখৰ কাৰণ। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা চলাব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব।


SeeHere is theComments

Sponsored

close