> ৩০ মে’, মঙলবাৰ - আজিৰ দিনটোৰ ৰাশিফল - 30 May, Tuesday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৩০ মে’, মঙলবাৰ - আজিৰ দিনটোৰ ৰাশিফল - 30 May, Tuesday - Today's horoscope in Assamese

  ৩০ মে’, মঙলবাৰ - আজিৰ দিনটোৰ ৰাশিফল -  30 May, Tuesday - Today's  horoscope in Assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আপোনাৰ ৰুক্ষ ব্যৱহাৰে আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি দিব পাৰে ,আপুনি বুজা উচিত যে কাকো অনাদৰ কৰা অথবা তেখেতক গম্ভীৰ ভাৱে নল'লে সম্বন্ধত চেকা লাগিব পাৰে। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। সন্তানৰ পঢ়া-শুনাৰ ওপৰত ধ্যান দিয়ক অৰু ভৱিষ্যতৰ যোজনা ৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটিব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব। যিকোনো ব্য্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰ আত্মাক শুধি চাব আৰু সেইমতে আগ বাঢ়িব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। দৰমহাত বৃদ্ধি আপোনাৰ উৎসাহ অধিক কৰি তুলিব পাৰে , এই সময় আপোনাৰ সকলো হতাশা আৰু সমস্যাবোৰ শেষ কৰাৰ। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, May 30, 2023)

নিজৰ ওপৰত এটা সীমাৰ ওপৰত আৰু হেচা প্ৰয়োগ নকৰিব আৰু পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম গ্ৰহণ কৰক। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব,সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক যাতে সময় থাকোতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, May 30, 2023)

ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গলে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব । আজি আপোনাৰ ধন লাভ হব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব। সৰু সুৰা কথালৈ ও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হব পাৰে। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যাৱেক্ষণ হব পাৰে, এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব , এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ জীৱন সংগী আজি ওচৰ-চুবুৰীয়াৰ ৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল'ব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। যদি আপুনি কিবা নতুন ব্যৱসায় আৰু যোজনা আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে অতি সোনকালে নিৰ্ণয় লওক ,এইখিনি সময়ত আপোনাৰ নক্ষত্ৰ ভাল স্থিতিত আছে। আপুনি যি কৰিব বিচাৰে ,সেইপিনে পদক্ষেপ লওতে ভয় নাখাব। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। আপোনাৰ সামাজিক জীৱনক অৱহেলা নকৰিব ,আপোনাৰ ব্যস্ত দিনযোৰাৰ পৰা অলপ সময় উলিয়াই নিজৰ পৰিয়ালৰ লগত কিবা অনুষ্ঠানৰ আয়োজনত হাতে -কামে লাগি দিয়ক, ইয়ে আপোনাৰ বোজা কম কৰাৰ লগতে আপোনাৰ অসহজ স্বভাৱটোকো আতৰ কৰিব। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্ন্তিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, May 30, 2023)

দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। পৰিয়ালৰ সদস্যৰ সহায় কৰিবলৈ আপোনাৰ অৱসৰ সময়ৰ সদ ব্যৱহাৰ কৰক। আপোনাৰ প্ৰপ্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব,কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰামতে পৰিণাম নিদিব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে!


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হব । আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। যদি আপুনি নিজৰ লক্ষ্য ত উপনীত হবলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হব। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।\


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, May 30, 2023)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত প্ৰেম,নিজস্বতা আৰু মৰম অনুভৱ কৰক। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, May 30, 2023)

জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। ৰোমাণ্টিক মনোভাৱ সমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। আইটি ৰ লগত জড়িত লোক সমূহক নিজৰ শৈলী দেখুওৱাৰ সুযোগ লাভ কৰিব পাৰে ,আপুনি সফলতা পাবৰ বাবে কামত একাগ্ৰতাৰে কষ্ট কৰিলে সুফল লাভ কৰিব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। জীৱন সংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হব পাৰে ,কিন্তু ধৈৰ্য ধৰি থাকক।


SeeHere is theComments

Sponsored

close